চিপছ্ কিনিবলৈ গৈ ঘূৰি নাহিল ভাতৃ-ভগ্নী, হিয়া ধাকুৰি কান্দোন মাতৃৰ... তীব্ৰ বেগী বাহনৰ খুন্দাত প্ৰাণ গ’ল ১৪ বছৰীয়া গায়ত্ৰী দাস আৰু ৮ বছৰীয়া অবিনাশ দাসৰ।

Accident

এটা হৃদয়বিদাৰক ঘটনা। বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী কেন্দুকোনাত মঙ্গলবাৰে সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই ভাতৃ-ভগ্নীয়ে। তীব্ৰ বেগী বাহনখনৰ খুন্দাত নিহত হোৱা ভাত-ভগ্নীৰ নাম ১৪ বছৰীয়া গায়ত্ৰী দাস আৰু ৮ বছৰীয়া অবিনাশ দাস।

জানিব পৰা মতে চিপচ্ আনিব গৈছিল দুই ভাতৃ-ভগ্নীয়ে। মঙ্গলবাৰে সংঘটিত হোৱা দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা দুই ভাতৃ ভগ্নিৰ চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হস্পিতালত  মৃত্যু হয় । আজি দুই ভাতৃ ভগ্নিৰ মৃতদেহ কেন্দুকোনাৰ নিজ ঘৰ আহি পোৱাৰ পিচতে স্থানীয় ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা চিকিৎসক গৰাকীক গ্ৰেপ্তাৰৰ দাবীত মৃতদেহ ৰাজ পথত ৰাখি পথ অৱৰোধ কৰে । স্থানীয় কমলপুৰ আৰক্ষী,মহকুমাধিপতি , মহকুমা আৰক্ষী বিষয়া  উপস্থিত হয় যদিও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটি মুকলি কৰিব পৰা নাছিল । পিছত বিধায়কৰ আস্বাসত ৰাইজে পথটি মুকলি কৰি দিয়ে ।

 

Category