‘অ’ বিৰাট দা, বিহু খাবা আহিবি’ – বৰ্ষাপাৰা ষ্টেডিয়ামত কোহলীক বিহু খাবলৈ আমন্ত্ৰণ জনালে দৰ্শকে

Kohli

বৰ্ষাপাৰা ষ্টেডিয়ামত হৈ গ’ল ভাৰত–শ্ৰীলংকাৰ মাজৰ এখন হাইভ’ল্টেজ মেচ। খেলখনত টীম ইণ্ডিয়াই সহজ জয় সাব্যস্ত কৰে। বিৰাট কোহলীৰ শতৰান, ৰোহিত শৰ্মা আৰু শুভমন গীলৰ দৰ্শনীয় ইনিংছৰ সহায়ত বৃহৎ ৰানৰ পাহাৰ গঢ়িবলৈ সক্ষম হয় ভাৰতে। নিৰ্ধাৰিত ৫০ অভাৰত ৩৭৩ ৰান সংগ্ৰহ কৰে ভাৰতে। প্ৰত্যুত্তৰত শ্ৰীলংকাই ৩০৬ ৰানতে ইনিংছ সামৰিবলগীয়া হয়।

ইয়াৰ মাজতে খেলৰ সময়ৰ কেতবোৰ ভিডিঅ’ বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এটা ভিডিঅ’ত দেখা গৈছে যে বিৰাট কোহলীয়ে বাউণ্ডেৰীত ফিল্ডিং কৰি থকাৰ সময়ত গেলাৰীৰ পৰা এজন দৰ্শকে চিঞৰিছে – ‘অ’ বিৰাট দা, অ’ বিৰাট দা বিহু খাবা আহিবি’।

এই ভিডিঅ’ বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। একাংশই এয়া ধেমালি বুলি মন্তব্য কৰাৰ বিপৰীতে একাংশই আকৌ এনে ব্যৱহাৰ কৰা উচিত নহয় বুলি ক’ব বিচাৰে।

 

Category