ৰাজধানী দিল্লীত পুনৰ ৰাজ্য কপাঁই যোৱা জঘন্য কাণ্ড। উদণ্ড ৫ সুৰামত্ত যুৱকৰ নৃশংসতাৰ বলি এগৰাকী যুৱতী। তীব্ৰবেগী গাড়ীয়ে বহু দূৰলৈ চোচৰাই নিলে যুৱতী গৰাকীক। নৱবৰ্ষ উদযাপনৰ নামত সুৰামত্ত যুৱকৰ সীমাচেৰাই যোৱা উদ্ভণ্ডালি।এখন স্কুটীৰে গৈ থকা এগৰাকী যুৱতীক খুন্দিয়াই কেইবা কিলোমিটাৰ গাড়ীৰ তললৈ টানিলৈ যায় যুৱক কেইজনে। চুলতানপুৰীপ পৰা কাঞ্জাৱালালৈ চোঁচৰাই লৈ যায় যুৱতী গৰাকীক। ৰাজপথত যুৱতী গৰাকীৰ প্ৰাণকাতৰ চিঞৰ। অসহায় যুৱতীক সহীয়ৰ হাত আগবঢ়াবলৈ কোনো নাছিল। যুৱতী গৰাকীৰ প্ৰাণকাতৰ আৰ্তনাদ হাঁহি হাঁহি উপভোগ কৰিলে মাতাল যুৱক কেইজনে। অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অসহায় যুৱতী গৰাকীয়ে। পৰৱৰ্তী সময়ত দিল্লীৰ আৰক্ষীৰ PCR টীমে দেও বাৰে তেজেৰে লুটুৰি-পুটুৰি মৃত অৱস্থাত দিল্লীৰ ৰাজপথত উদ্ধাৰ কৰে যুৱতী গৰাকীক।ইতিমধ্যে অভিযুক্ত যুৱক কেইজনক কৰায়ত্ত কৰিছে দিল্লী আৰক্ষীয়ে।
- Log in to post comments