মাতৃহাৰা হ’ল দেশৰ প্ৰধানমন্ত্ৰী, টুইটযোগে আৱেগিক পোষ্ট প্ৰধানমন্ত্ৰীগৰাকীৰ

Modi

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ আজি আহমেদাবাদৰ ইউএন মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজী এণ্ড ৰিচাৰ্ছ চেণ্টাৰত দেহাৱসান ঘটে। এক টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা জনায়। প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটত লিখে, ‘‘গৌৰৱময় শতিকাৰ ভগৱানৰ চৰণত বিৰাম... মাৰ ভিতৰত মই সদায়ে ত্ৰিমূৰ্তি অনুভৱ কৰি আহিছো, য’ত এজন তপস্বীৰ যাত্ৰা, নিস্বাৰ্থ কৰ্মযোগীৰ প্ৰতীক আৰু মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ জীৱন অন্তৰ্ভুক্ত আছে।’’

মৃত্যুৰ সময়ত হীৰাবেন মেদীৰ বয়স আছিল ১০০ বছৰ। শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ কেইবাদিনে চিকিৎসাধীন আছিল তেওঁ।হীৰাবেন মোদীৰ মৃত্যুত শোকপ্ৰকাশ অজস্ৰজনৰ। হীৰাবেন মোদীৰ মৃত্যুত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গভীৰ শোকপ্ৰকাশ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰো শোক। হিৰাবেন মোদীৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোকপ্ৰকাশ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো টুইটযোগে শোকপ্ৰকাশ।

Category