নিয়তিৰ ওচৰত হাৰ মানি ইহলোকলৈ গমন কৰিলে সমাজহিতৈষী নৰেন্দ্ৰ নাথ তালুকদাৰে

Guwahati resident Narendra Nath Talukdar took his last breath at Nemcare Hospital, Guwahati

নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি ইহলোকলৈ গমন কৰিলে গুৱাহাটীৰ গণেশগুৰিৰ দেৱদাৰু পথৰ নিবাসী, সমাজসেৱক নৰেন্দ্ৰ নাথ তালুকদাৰে। 

১৯৫৮ চনৰ ২২ আগষ্টত জন্মলাভ কৰা নৰেন্দ্ৰনাথ তালুকদাৰে আজি বিয়লি শেষ নিশ্বাস ত্যাগ কৰে।  তেখেতে বিগত প্ৰায় ১৫ দিন ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। জটিল ৰোগত আক্ৰান্ত তালুকদাৰ আছিল বিজেপিৰ এজন নিষ্ঠাবান কৰ্মী তথা সৰবৰহী ব্যক্তি। জীৱন কালত সমাজসেৱাৰ সৈতে জড়িত আছিল তেওঁ।

নৰেন্দ্ৰ নাথ তালুকদাৰে মৃত্যুৰ সময়ত এৰি গৈছে পত্নী, ৩ জন পুত্ৰ, এগৰাকী বোৱাৰী আৰু নাতি।

মঙলবাৰে,  নৱগ্ৰহ স্মশানত সম্পন্ন কৰা হয় নৰেন্দ্ৰনাথ তালুকদাৰৰ শেষকৃত্য়। সমাজহিতৈষী তালুকদাৰৰ অন্তিম যাত্ৰাত উপস্থিত থাকে শতাধিক শুভাকাংক্ষী। 

Category