ঘৰ এটা কিমান লেতেৰা হ'ব পাৰে? হয়, এটা ঘৰ ডাম্পিং গ্ৰাউণ্ডৰ দৰে লেতেৰা হ'ব পাৰে আৰু আটাইতকৈ লেতেৰা ঘৰটোও বিক্ৰী হ'ব।
পৃথিৱীৰ আটাইতকৈ লেতেৰা ঘৰ। ঘৰৰ বাহিৰভাগ অপতিয়েৰে আবৃত। কিছুমান অংশত, আৱৰ্জনাবোৰ ছাদৰ ওচৰ পাইছেগৈ। বহু বছৰ ধৰি এইবোৰ পৰিষ্কাৰ কৰা হোৱাই নাই।
কিন্তু জানিব লগা কথাটো হ'ল এই ঘৰটো ক'ত অৱস্থিত?
ঘৰটো ইউকেৰ ডেভনৰ প্লাইমাউথত অৱস্থিত। ১৩ বছৰ আগৰ আৱৰ্জনা ঘৰটোত পৰি আছে। প্লাষ্টিক, বটল, কাগজ আৰু অন্যান্য লেতেৰা আৱৰ্জনা এতিয়াও আছে ঘৰৰ মজিয়াত, চিৰিৰ ওপৰত আৰু সাধাৰণ স্থানত সিঁচৰতি হৈ আছে আৱৰ্জনাসমূহ।
ঘৰত এসময়ত এজন বৃদ্ধ দম্পতী আছিল আৰু তেওঁলোকৰ এটা পুত্ৰ সন্তান আছিল। তেওঁলোকৰ মৃত্যুৰ পিছত কোনেও ঘৰত প্ৰৱেশ কৰা নাছিল কিয়নো তেওঁলোকৰ পুত্ৰইও কিবা কাৰণত সেই ঠাই এৰি গুচি গৈছিল। ফলস্বৰূপে, বন্ধ ঘৰৰ তলা খুলি কোনেও আৱৰ্জনা পৰিষ্কাৰ কৰা নাই আৰু পুত্ৰও ঘৰটোৰ চোৱাচিতা কৰিবলৈ অহা নাই।
১৩ বছৰ ধৰি, ঘৰটোৰ পাকঘৰটো বিশৃংখল হৈ আছে। আৰু আটাইতকৈ ঘৃণনীয় কথাটো হ'ল সম্ভৱতঃ ঘৰৰ বাথৰুম। ই অসম্ভৱভাৱে লেতেৰা হৈ পৰি আছে।
বহুলোকে বুজি নাপায় যে ঘৰটোৰ পৰা ইমান আৱৰ্জনা কেনেকৈ আহিলে! কিয়নো ১৩ বছৰ কোনেও ঘৰত প্ৰৱেশ কৰা নাই, তেনেস্থলত সেই ঘৰটো কেনেকৈ লেতেৰা হ'ব পাৰে?
অৱশ্যে, কোনেও এই বিষয়ে আৰু চিন্তা কৰা নাই। কাৰণ আটাইতকৈ লেতেৰা ঘৰটো এইবাৰ বিক্ৰী কৰা হ'ব। আৱৰ্জনা পৰিষ্কাৰ নকৰাকৈ আটাইতকৈ লেতেৰা ঘৰটো বিক্ৰী কৰাৰ চেষ্টা কৰা হৈছে।
উল্লেখ্য় যে দম্পতীহালৰ ল'ৰাই এই বিষয়ে জনাইছে।
- Log in to post comments
