
ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। সমান্তৰালকৈ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ শ্ৰীভূমিত অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহা। শনিবাৰে নিশা বদৰপুৰ আৰক্ষী থানাৰ অ’ চি উত্তম অধিকাৰীৰ নেতৃত্বত চলা এক অভিযানত বদৰপুৰৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গৰকাপান অঞ্চলত এখন পৰিত্যক্ত ট্ৰেভেলাৰৰ পৰা জব্দ কৰে বুজন পৰিমানৰ য়াবা টেবলেট। লগতে আৰক্ষীয়ে হাতে-লোটে আটক কৰে গাড়ীৰ মালিক শ্বামীম আহমেদ নামৰ লোকজনক।
জব্দকৃত বাহনখনৰ নম্বৰ এ এছ ১১বি চি ১২৯৬। ইফালে জব্দ কৰা য়াবা টেবলেট খিনিৰ ওজন প্ৰায় ডেৰ কিলোগ্ৰাম, যাৰ বজাৰ মূল্য ২ কোটি টকা বুলি ধাৰণা কৰা হৈছে।
ঘটনা সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে বদৰপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে ধৃত ট্ৰেভেলাৰৰৰ মালিক ছামিম আহমেদ ওৰফে সাজুক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
- Log in to post comments