দিল্লীৰ ৫খন কৈ বিদ্যালয়ত বোমাৰ ভাবুকি, এসপ্তাহত তৃতীয়টো ভাবুকি দুৰ্বৃত্তৰ...

delhi

আজি দিল্লীৰ প্ৰসাদ নগৰ আৰু দ্বাৰকা ছেক্টৰত থকা পাঁচখনকৈ বিদ্যালয়ে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিৰে বিদ্যালয় কৰ্তৃপক্ষলৈ ই-মেইল কোনো অচিনাক্তলোকৰ।

ই-মেইলটোত বোমা বিস্ফোৰণৰ সময় উল্লেখ কৰিছিল পুৱা ৬.৩৫ বজাৰ পৰা ৭.৪৮ বজাৰ ভিতৰত। তাৰ পাছতে বিদ্যালয়কেইখনৰ চৌহদত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

ৰাজধানী মহানগৰ খনৰ পাঁচখনকৈ বিদ্যালয়লৈ বোমাৰ ভাবুকিৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু বোমা বিশেষজ্ঞৰ দলৰ সৈতে আৰক্ষীয়ে অভিযান চলাই

উল্লেখ্য যে,  এই সপ্তাহত এইটো আছিল তৃতীয়টো ভাবুকি। ইয়াৰ পূৰ্বে বুধবাৰে প্ৰায় ৫০খন বিদ্যালয়লৈ, সোমবাৰে কমেও ৩০খন বিদ্যালয় লৈ ই-মেইলযোগে বোমাৰ ভাবুকি আহিছিল।

আৰক্ষীয়ে জনোৱা মতে, লক্ষ্য কৰি লোৱা শিক্ষানুষ্ঠানসমূহৰ ভিতৰত মালভিয়া নগৰৰ এছ কে ভি হাউজ ৰাণী আৰু কেৰল বাগৰ অন্ধ্ৰ স্কুল অন্যতম।

Category