'মই পলাই থকা নাই, লুকাই হে আছিলোঁ'... মুকলি আকাশৰ তললৈ চুমি বৰা

SUMI

বিশাল, তাৰ্কিকৰ পিছত শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব চুমি বৰা। ৰাজ্য কঁপোৱা বহুকোটি টকাৰ ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত চুমি বৰাৰ জামিন মঞ্জুৰ। বিগত বৰ্ষৰ ১২ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰছিল চুমি বৰাক। 

ইতিমধ্যেই, গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত অভিনেত্ৰী চুমি বৰাক জামিন প্ৰদান কৰিছে। ডিব্ৰুগড়ৰ বৰবৰুৱা আৰু দুলীয়াজান থানাৰ গোচৰৰ লগতে কেন্দ্ৰীয় তদন্ত সংস্থা (চিবিআই)ৰ গোচৰতো জামিন লাভ কৰিছে চুমিয়ে।

সেয়েহে অচিৰেই চুমিয়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি পাব। ইতিমধ্যে ট্ৰেডিং কেলেংকাৰী গোচৰৰ অন্য দুজন প্ৰধান অভিযুক্ত বিশাল ফুকন আৰু চুমি বৰাৰ স্বামী তাৰ্কিক বৰাইও ৩ মে’ত জামিন লাভ কৰি মুক্তি লাভ কৰিছে।

বিগত ৮টা মাহে কাৰাৰুদ্ধ সময় পাৰ কৰাৰ পিছত এতিয়া মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত চুমি বৰাৰ।

Category