
ৰাজ্যত এতিয়া জোৱাৰ উঠিছে...পৰকীয়া প্ৰেমৰ জোৱাৰ। এই পৰকীয়া প্ৰেমেই তচনচ কৰিছে বহুতৰ সংসাৰ। কিয় সঘনাই বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। ইয়াত ভুল বাৰু কাৰ সমাজ ব্যৱস্থাৰ নে পৰিয়ালৰ?
পুনৰ আজি নগাঁৱৰ কামপুৰত সংঘটিত হৈছে ডাবল মাৰ্ডাৰৰ ঘটনা। কামপুৰৰ পাঁচনিজাৰত সংঘটিত হয় নৃশংস হত্যাকাণ্ড। টেট শিক্ষকসহ পত্নীক হত্যা কৰে স্বামীয়ে। পৰকীয়া প্ৰেমৰ বাবেই এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ঘৰৰ ভিতৰতে ৰডেৰে মৰিয়াই মৰিয়াই হত্যা গীতাৰাণী দাসক। টেট শিক্ষক ভাস্কৰ নাথকো ৰডেৰে মৰিয়াই হত্যা। দুয়োকে হত্যা কৰি থানাত হাজিৰ হত্যাকাৰী জয়কান্ত দাসৰ। একেটা ভাৰা ঘৰতে ভাৰাতীয়া হিচাপে আছিল মঙলদৈৰ ভাস্কৰ নাথ আৰু কামপুৰ দেবনাৰিকলীৰ জয়কান্ত দাসৰ পৰিয়াল। কৰ্মসূত্ৰে গীতাৰাণী দাসৰ স্বামী জয়কান্ত দাস থাকে বাহিৰত। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত কামপুৰ আৰক্ষীৰ।
- Log in to post comments