ঐ ৰাম আজি কাম চৰাইয়ে...

বিয়া

     একেলগে ডাঙৰ হৈছিল দুয়ো। একেই পৰিৱেশ, একেই মাটি। সময়ৰ লগে লগে প্ৰকৃতিৰ নিয়ম অনুসৰিয়েই একোলা দোকালাকৈ বাঢ়িছিল। ১৯৯৬ চনতেই দুগৰাকী নেপালী সম্প্ৰদায়ৰ লোকে দিছিল প্ৰতিশ্ৰুতি। যেতিয়া ইহঁত ডাঙৰ হ’ব ইহঁতক একেলগে বিয়া পাতি দিয়া হ’‍ব।

বিয়া

    আজিযেন কথামতেই কাম। আজি দুয়োৰে বিবাহ।

 বিয়া মানে বৃহৎ আয়োজন। সজাই-পৰাই তোলা হৈছে মণ্ডপ। শুভ বিবাহৰ নিমন্ত্ৰণ পোৱা সকলো অতিথি আহিছে বিয়াখনলৈ। নিমন্ত্ৰণ নাপালেও দুই-এজন আহি ওলাইছেহি।

বিয়া

    আয়তীৰ উৰুলি, পুৰোহিতৰ মন্ত্ৰধ্বনি, বেণ্ডপাৰ্টি সকলো আছে। নচাই নাচিছে, গোৱাই গাইছে। মুঠতে বিয়াখন বুলি সকলোৰে গা সাতখন-আঠখন।

বিয়া

      দৰঙৰ ঐতিহাসিক ধলপুৰ শিৱধামত অনুষ্ঠিত হোৱা এই বিয়াখনক লৈ ইমান চৰ্চা কিয় আপুনি জানেনে। সাত জনমলৈ সাক্ষী কৰি আজি হোমৰ জুইত বহা নাই কোনো। তাৰ বিপৰীতে দৰাৰ ৰূপত এজোপা বট গছ আৰু কইনাৰ ৰূপত এজোপা আঁহত গছ।

গছ

    হয়, আপুনি আচৰিত হ’লেও এয়াই সঁচা। এয়া দুজোপা গছৰ মাজত হোৱা বিয়া। দৰঙৰ ঐতিহাসিক ধলপুৰ শিৱধামৰ কাষতে ১৯৯৬ চনত এই গছ দুজোপা ৰুইছিল দুগৰাকী নেপালী লোকে। গছ দুজোপা ডাঙৰ হ'লে বিয়া পাতি দিয়াৰ কথা আছিল। এই বৃহৎ আয়োজনেৰে ৰাইজৰ সহযোগত এইদৰে ধুমধামেৰে অনুষ্ঠিত কৰা হ’ল গছ দুজোপাৰ বিয়া।

বিচিত্ৰ অসম, বিচিত্ৰ কাহিনী।

Category