মাৰ্ঘেৰিটাৰ ৰন্টিক্স হাস্পতালত অঘটন। সুস্থ প্ৰসূতিৰ মৃত্যু কেন্দ্ৰ কৰি নিশা নাৰ্চিং হোমখনত উত্তপ্ত পৰিস্থিতি। চিকিৎসকৰ গাফিলতিত মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ।
তিনিচুকীয়াৰ জাগুন পাৰ্বতীপুৰ গাঁৱৰ নিবাসী প্ৰবীণ বুঢ়াগোহাঁইৰ পত্নী মিতালী ফুকন বুঢ়াগোহাঁইক যোৱা বুধবাৰে প্ৰসূতিজনিত চিকিৎসাৰ বাবে ৰন্টিক্স নামৰ নাৰ্চিং হোমলৈ আনিছিল। চিকিৎসকে প্ৰসূতিগৰাকীৰ প্ৰসৱ বেদনাৰ বাবে উক্ত দিনাই চিজাৰিয়ান কৰিব লাগিব বুলি কয় আৰু নিশা আঠমান বজাত সুকলমে চিজাৰিয়ান সম্পন্ন হোৱাত এটি কন্যা শিশুৰ জন্ম হয়।
পিছত বৃহস্পতিবাৰে বিয়লি ভাগলৈকে প্ৰসূতি গৰাকী সম্পূৰ্ণ সুস্থই আছিল বুলি মন্তব্য পৰিয়ালৰ লোকৰ। কিন্তু বৃহস্পতিবাৰে পেটৰ ভীষণ বিষ অনুভৱ কৰি চিকিৎসকক মাতিবৰ বাবে কয় প্ৰসূতিগৰাকীয়ে।
কিন্তু চিকিৎসক প্ৰায় এঘন্টাৰ পিছত হে অহাত বিষ সহিব নোৱাৰি মৃত্যুক আকোৱালি ল’লে প্ৰসূতিগৰাকীয়ে। ইয়াৰ পিছতেই হাস্পতালখনত সৃষ্টি হয় তীব্ৰ উত্তেজনা। উপযুক্ত ক্ষতিপূৰণৰ দাবী পৰিয়ালৰ লোকৰ।
- Log in to post comments