সোণাৰি নগৰৰ সমীপেৰে বৈ যোৱা টাওকাক নৈৰ মাছ অঞ্চলটোৰ কেইবাখনো বজাৰত বিক্ৰী হয়। নদীখনৰ মাছৰ স্থানীয় ৰাইজৰ মাজত যথেষ্ট চাহিদা আছে। তাৰেই সুযোগ গ্ৰহণ কৰিবলৈ গৈ একাংশ দুৰ্বৃত্তই বিহ দি মাছ মৰাৰ চেষ্টা চলায়।
নৈখনৰ কাষৰীয়া অঞ্চল গুটিঘাট, চেনীগুদাম, গোৱালাপথাৰ আদি অঞ্চলত মঙলবাৰে নিশাৰ পৰা নৈখনত চিতল, শিঙৰা, বৰালী আদি মাছ ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। এনেকৈ বিহ দি মৰা মাছ অঞ্চলটোৰ বিভিন্ন বজাৰত বিক্ৰী হোৱাৰ আশংকা কৰি উদ্বিগ্নতাৰো সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত।
Category
- Log in to post comments