ফাইটাৰ জেট তেজছত কো-পাইলটৰ ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক...

Fighter Plane Tejas riding PM Modi...

ফাইটাৰ জেট তেজছত শনিবাৰে কো-পাইলটৰ ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। যুদ্ধ বিমানখনত উঠি প্ৰধানমন্ত্ৰীয়ে পৰিভ্ৰমণ কৰে আকাশমাৰ্গত। মাজআকাশত হাত জোঁকাৰি অভিবাদন জনালে দেশবাসীক। উল্লেখ্য যে মেক ইন ইণ্ডিয়াৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল তেজছ। ইয়াৰ ইঞ্জিন থলুৱাভাৱে নিৰ্মাণ কৰা হৈছে ভাৰতত। ১৯৮৩ চনত ভাৰতত আৰম্ভ হৈছিল এই প্ৰকল্পৰ। ২০০১ চনত হিন্দুস্তান এৰ’নেটিক লিমিটেডে নিৰ্মাণ কৰি উলিওৱা তেজছ যুঁজাৰু বিমান প্ৰথমবাৰৰ বাবে উৰা মাৰিছিল ভাৰতৰ আকাশত। বৰ্তমান ভাৰতীয় বায়ুসেনা আৰু নৌসেনা বাহিনীত এনে ৮৩খন যুঁজাৰু বিমান অন্তৰ্ভুক্ত। 

Category