আমেৰিকা–কানাডাৰ সীমাত থকা বিশ্ববিখ্যাত নায়েগ্ৰা জলপ্ৰপাতৰ সমীপত সংঘটিত এক বিস্ফোৰণ

Niagara Blast Update

আমেৰিকা–কানাডাৰ সীমাত থকা বিশ্ববিখ্যাত নায়েগ্ৰা জলপ্ৰপাতৰ সমীপত সংঘটিত এক বিস্ফোৰণৰ ঘটনাই দুয়োখন দেশত চাঞ্চল্যৰ সৃষ্টি কৰে। বুধবাৰে নিশা নায়েগ্ৰা জলপ্ৰপাতৰ ওপৰেৰে কানাডা আৰু আমেৰিকাক সংযোগ কৰা ৰেইনব’ ব্ৰীজৰ ওপৰত এখন মটৰ গাড়ী বিস্ফোৰিত হয়। এই বিস্ফোৰণত এগৰাকী মহিলাকে ধৰি দুজন লোকৰ মৃত্যু ঘটে। বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এয়া সন্ত্ৰাসবাদীৰ কাৰ্য হ’ব পাৰে নেকি বুলি দুয়োখন দেশৰ সুৰক্ষা সংস্থাসমূহৰ লগতে ৰাজনৈতিক–প্ৰশাসনিক সংস্থাসমূহ তৎপৰ হৈ উঠে। ঘটনাৰ তদন্ত তাৎক্ষণিকভাৱে আৰম্ভ কৰে আমেৰিকাৰ তদন্তকাৰী সংস্থা FBIৰ BUFFALO DIVISONএ। তন্ন তন্নকৈ ঘটনাস্থলীত অনুসন্ধান চলাই FBI নিশ্চিত হয় বিস্ফোৰণৰ কাৰণ কোনো ধৰণৰ নিষিদ্ধ বিস্ফোৰক সামগ্ৰী নহয়। এনে পৰিপ্ৰেক্ষিতত এয়া সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ নহয় বুলি নিশ্চিত হয় তদন্তকাৰী সংস্থা। অৱশ্যে ঘটনাটোক লৈ চাঞ্চল্য অব্যাহত থাকে। ঘটনাটোত নিহত ব্যক্তি দুগৰাকী পিছত স্বামী–স্ত্ৰী বুলি জানিব পৰা যায়। বৰ্তমানে নায়েগ্ৰা আৰক্ষীয়ে এই ঘটনাটো যান–বাহন দুৰ্ঘটনা হিচাপে অনুসন্ধান চলাই আছে। 

Category