Google Pay, Phone Pay, PayTm ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী, বন্ধ হ’ব পাৰে একাংশ UPI আই ডি.......

Upi

Google Pay, Phone Pay, PayTm ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী
বন্ধ হ’ব একাংশ UPI আই ডি
নেচনেল পেমেণ্ট ক’ৰ্পৰেচন অৱ ইণ্ডিয়াৰ জাননী
তৃতীয় পক্ষৰ UPI এপলৈ জাননী NPCIৰ
বেংকসমূহলৈও NPCIৰ জাননী প্ৰেৰণ
এবছৰে নিষ্ক্ৰিয় UPI আই ডি বন্ধ কৰাৰ জাননী
উপভোক্তাৰ ক্ষয়-ক্ষতি হ্ৰাসৰ বাবেই এই সিদ্ধান্ত
National payment corporation of India হ’ল দেশৰ খুচুৰা ধন আাদায়কাৰী আৰু বুজাপৰা ব্যৱস্থা নিয়ন্ত্ৰণ কৰা অনালাভকাৰী সংস্থা। থোৰতে NPCI বুলি পৰিচিত সংস্থাটোৱে শেহতীয়াকৈ জাৰি কৰা জাননী অনুসৰি Google Pay, Phone Pay তথা PayTm আদিত থকা এবছৰে নিষ্ক্ৰিয় UPI IDসমূহ বন্ধ হৈ যাৱ। এই সিদ্ধান্ত অৱশ্যে উফভোক্তাৰ সুবিধাৰ বাবেই কৰা হৈছে। কিয়নো বহু সময়ত UPI IDত ব্যৱহাৰ হোবা ম’বাইল নম্বৰটো সংশ্লিষ্ট ব্যক্তিজনে ব্যৱহাৰ কৰা বন্ধ কৰি দিয়ে। ম’বাইল নম্বৰটোৰ ব্যৱহাৰ বন্ধ হ’লে ম’বাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানে তেনে ম’বাইল নম্বৰ অন্য ব্যক্তিক প্ৰদান কৰিব পাৰে। কিন্তু বহু সময়ত দেখা যায় পূৰ্বে ফোন নম্বৰটো ব্যৱহাৰ কৰা লোকজনে যদিহে উক্ত ফোন নম্বৰটো UPI ID ব্যৱহাৰ কৰিছিল, UPI IDটো DEACTIVE নকৰে। ফলত নতুনকৈ যেতিয়া ফোন নম্ৰটো সক্ৰিয় হৈ উঠে UPIৰ জৰিয়তে  ধনৰ আদান প্ৰদানৰ সময়ত খেলিমেলিৰ সৃষ্টি হয়। প্ৰায়ে ভুল ব্যক্তিৰ একাউণ্টত ধন জমা হয় যাৰ বাবে আহুকালৰ সন্মুখীন হ’বলগীয়া হয় সাধাৰণ উপভোক্তা।

Category