দাম্পত্য জীৱনত সৰু সৰু কিছু কথা গুৰুত্ব দিলেই সুখী হ'ব পাৰি! পিছে আপুনিও বাৰু সেই সৰু সৰু কথাবোৰক আওকাণ কৰে নেকি? যদি কৰে তেন্তে আজিৰ পৰা সেইবোৰ বাদ দিয়ক.....

Couple

বিয়াৰ পিছত সকলোৱে সুখী জীৱন এটা বিচাৰে আৰু এই সুখী জীৱনটোৰ বাবে আমি সকলোৱে কিছু সাধাৰণ কথা মন কৰিলেই হয়। কিন্তু তাকে নকৰি বহুতে সুখৰ সংসাৰ খন ধ্বংস কৰি পেলাই ।

আজি আমি আপোনালোকক জমান দাম্পত্য জীৱনটো কেনেকৈ সুখী হ'ব পাৰি - 

couple

১. ইজনে সিজনৰ দুৰ্বলতাসমূহ আনৰ পৰা লুকুৱাই ৰখাটো বহু প্ৰয়োজন। 

২. ইজনে সিজনৰ শক্তি (strength)ক উদযাপন কৰিব লাগে।

৩. ইজনে সিজনৰ পৰা কথা লুকুৱাই ৰখাত কৈ মুকলি ভাৱে নিজৰ মনৰ ভাৱবোৰ স্পষ্টভাৱে নিজৰ সংগীজনৰ লগত শ্বেয়াৰ কৰিব লাগে।

৪. যিকোনো সিদ্ধান্ত লবলৈ ইজনে সিজনৰ মতামত জনাটো বহু জৰুৰী।

৫. নিজৰ সংগীক সদায় ১০০% সম্পূৰ্ণ প্ৰতিশ্ৰুতি (commitment) দিয়াটো দৰকাৰ।

৬. সম্পৰ্কটো ক্ৰমান্বয়ে নিখুঁত হোৱাতকৈ অগ্ৰগতি ক্ষেত্ৰত গুৰুত্ব দিব লাগে।

৭. সম্পৰ্কটোত যিকোনো এজনৰ ভুল হলে নম্ৰ হৈ থকাতকৈ ভুল সমূহ আঙুলিৱাই দি সঠিক কৰিবলৈ চেষ্টা কৰিব।

৮. শ্ৰেষ্ঠ পত্নী, শ্ৰেষ্ঠ স্বামী হবলৈ নিজৰ ওপৰত কাম কৰি ।

৯. যৌথ লক্ষ্য ৰাখক।

১০. নিজৰ নিজৰ ব্যক্তিগত লক্ষ্যসমূহত উপনীত হবলৈ ইজনে সিজনক সহায় কৰিব লাগে।

১১. কোৱা হয় বন্ধুৰ দ্বাৰা সম্পৰ্ক গঢ়ি উঠিলে সেই সম্পৰ্ক বহু শক্তিশালী হয়, সেয়েহে প্ৰথমে নিজৰ সংগীৰ লগত বন্ধুত্ব গঢ়িবলৈ চেষ্টা কৰক।

১২. এক শক্তিশালী দম্পতী হিচাপে, একেলগে ঈশ্বৰক ধন্যবাদ কৃতজ্ঞ জ্ঞাপন কৰক।

১৩.ইজনে সিজনৰ লগত প্ৰতিযোগিতা নকৰিব ইজনে সিজনক ঠাই ( accommodate) দিয়ক।

১৪. আপুনি যি পাঠ বা সুযোগ শিকিব সেয়া দুয়োয়ে একেলগে শিকক।

১৫.  ধৈৰ্য্য ধৰিবলৈ শিকক তেতিয়া আপোনালোকৰ সম্পৰ্কটো মধুৰ হব।

১৬. দুখৰ সময়ত ইজনে সিজনৰ সাহস হয় থিয় দিয়ক। 

১৭. আপুনি একেলগে নিৰ্মাণ কৰা বস্তুটোক সুৰক্ষিত কৰক কিয়নো হেৰুৱাই পেলোৱাটো অতি সহজ।

১৮. আপোনাৰ খং নিয়ন্ত্ৰণ কৰক কিয়নো খঙৰ মুহূৰ্তবোৰ বহুত বেয়া হয়।

১৯. আন দম্পতীক কেতিয়াও নকল কৰিব নালাগে।

২০. সুখ, দুখ সকলো মূহুৰ্ত একেলগে পাৰ কৰক।

Category