আকৌ মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা। বিগত ২৪ ঘন্টাত ২টাকৈ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে এখন অসমত। আচলতে প্ৰতিটো দিনে ৰাজ্যত কি হ'বলৈ ধৰিছে, বৰ্তমান সময়ত সেয়া যেন আটাইতকৈ ডাঙৰ প্ৰশ্ন? ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনাই কপাঁই তুলিছে সমগ্ৰ ৰাজ্যবাসীক।

চৰাইদেউত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা। ১০ বছৰীয়া শিশুক তালিবানী শাস্তি। প্ৰখৰ ৰ’দত গছত বান্ধি নিৰ্মম পাশৱিক নিৰ্যাতন। পুৱা ৯ বজাৰ পৰা আবেলি ৩ বজালৈ বান্ধি থৈছিল ৰ’দত। নামঘৰৰ পৰা ১০০ টকা চুৰি কৰাৰ অভিযোগত এই শাস্তি। ন্যায় বিচাৰি কণমানিটি কাষ চাপিছে আৰক্ষীৰ। চৰাইদেউৰ ২নং মৰাণহাবি গাঁৱত এই ঘটনা। ধ্ৰুৱজ্যোতি শইকীয়া, নৱীন কোঁৱৰৰ বিৰুদ্ধে প্ৰহাৰৰ অভিযোগ।

ইতিমধ্যে শিশুটিৰ আইতাকে সাপেখাতী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দুই অভিযুক্তৰ বিৰুদ্ধে। ইফালে শিশুটিক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও আৰ্থিক সংকটৰ বাৱেই ভৰ্ত্তি কৰিব পৰা নাই চিকিৎসালয়ত ৷
আনহাতে মৰিগাঁৱতো সংঘটিত হয় মৰেল পুলিচিঙৰ আন এক ভয়ংকৰ ঘটনা। দুই যুৱকক বাট আগচি মাৰপিট একাংশ উন্মত্ত লোকৰ। ৰাস্তাৰ পৰা ধৰি নি কোঠাৰ ভিতৰত এজনক গণপ্ৰহাৰ। ৰেকিবুদ্দিনক বৰ্বৰভাৱে প্ৰহাৰ উন্মত্ত লোকৰ। পিতৃ-মাতৃৰ সন্মুখতেই ঘটে এই বৰ্বৰ ঘটনা। মাৰপিটৰ ভয়ংকৰ দৃশ্য বন্দী কেমেৰাত।

উল্লেখ্য যে, দুজন যুৱকৰ এজনে প্ৰাণ বচাবলৈ জাঁপ দিয়ে পুখুৰীত। গণৰোষৰ পৰা ৰক্ষা পৰিল ৱাচিম, কিন্তু নাই কোনো সন্ধান। ৰেকিবৰ লগত একেলগে আহিছিল ৱাচিম। ২৮ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ঘটনা।
আনহাতে ভিডিঅ’ ভাইৰেলৰ পিছতেই পোহৰলৈ আহে ঘটনাটো। গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীৰ নামত ধন সংগ্ৰহৰ অভিযোগ। ৫ হাজাৰ টকা লোৱা বুলি অভিযোগ ভুক্তভোগীৰ পিতৃৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ। আৰক্ষীৰ কাষ চাপিও পোৱা নাই এইপৰ্যন্ত কোনো সহাৰি।
- Log in to post comments