গুৱাহাটাবাসীৰ বাবে সুখবৰ! এতিয়াৰে পৰা গুৱাহাটীত উপলব্ধ হ'ব PNG গেছ ......

png

অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত গেছ পাইপলাইন নেটৱকিং ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্যে ২০১৯ চনত পূৰ্ব ভাৰতী গেছ প্রাইভেট লিমিটেড গঠন হয়। এই PBG ৰ উদ্যোগতে আৰু ভাৰত চৰকাৰৰ অধীনস্থ নেচনেল গেছ গ্রীড প্রজেক্টৰ সংযোজনত ইতিমধ্যে বহু কাম সম্পাদন কৰাৰ লগতে উত্তৰ-পূব সামৰি বহু পৰিকল্পিত জনকল্যাণমূলক আঁচনি বাস্তৱ ৰূপায়ণৰ দিশে আগবাঢ়িছে। 

উল্লেখ্য যে, PBG যে সদ্যহতে গুৱাহাটীবাসী ৰাইজৰ সুবিধার্থে পাইপযোগে ঘৰে ঘৰে যোগান ধৰিব ৰন্ধন গেছ অর্থাৎ চিলিণ্ডাৰ ব্যৱহাৰ নকৰাকৈ পোনপটীয়াকৈ ৰন্ধনশালত ২৪ ঘণ্টাই গেছৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব উপভোক্তা। সেয়ে আৰম্ভণিতে প্রথম পৰ্যায়ত পূৰ্ব ভাৰতী গেছ প্রাইভেট লিমিটেড়ে ঘৰুৱা পাইপযুক্ত প্রাকৃতিক গেছ (DPNG) প্রায়োগিক দিশত যোগান ধৰিবৰ বাবে গীতানগৰ, বাপুজীনগৰ, ৰাধানগৰ সাতগাঁও এই চাৰিখন ঠাই বিশেষভাবে নির্বাচিত কৰিছে।

 এই চাৰিওটা এলেকাৰ প্ৰায় দহ হাজাৰ উপভোক্তাক সামৰি ল'ব পূৰ্ব ভাৰতীয়ে। পৰৱৰ্তী পৰ্যায়ত কামৰূপ মেট্ৰ কামৰূপ জিলা আৰু বৰাক ভেলী পর্যন্ত সম্প্ৰসাৰণ কৰা পাইপলাইনৰ যোগে উপভোক্তাক ঘৰে ঘৰে গেছে যোগানৰ সুবিধা প্ৰদান কৰিব। ইতিপূর্বে পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেডে প্রথম পর্যায় যাৱতীয় কামসমূহ সম্পাদন কৰিছে। 

অচিৰেই নিৰ্বাচিত এলেকাসমূহৰ উপভোক্তাই পাইপগেছৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। এই সুবিধা লাভ কৰিবৰ বাবে প্ৰতিগৰাকী উপভোক্তাই প্রাথমিক পর্যায়ত মাত্র ২৭৫ টকা জমা কৰি আৱেদন কৰিব লাগিব। এই আৱেদন মাচুল সংগ্ৰহৰ বাবে উপভোক্তাৰ দুৱাৰম্ভলিত উপস্থিত হ'ব পূর্ব ভাৰতীৰ দ্বাৰা নিয়োজিত এজেন্সীৰ দল। 

পূর্ব ভাৰতীয়ে কেৱল মাত্ৰ ঘৰুৱা গেছ সংযোজন কৰাই নহয় ইয়াৰোপৰি হোটেল ৰেষ্টুৰেণ্ট তথা ৰিজ'ৰ্ট, বিভিন্ন কাৰখানা আদি ব্যৱসায়িক খণ্ডতো গেছ যোগান ধৰিবলৈ আগবাঢ়িছে। ইয়াৰ পৰিপ্ৰেক্ষিতত যথেষ্ট সহায়ক আৰু লাভান্বিত হ'ব ব্যৱসায়িক খণ্ডসমূহ। এই প্ৰসংগতে পূৰ্ব ভাৰতীয়ে উল্লেখ কৰিব বিচাৰিছে যে মুখ্যতঃ PNG অর্থাৎ পাইপযুক্ত প্রাকৃতিক গেছ আৰু CNG অর্থাৎ চাপযুক্ত প্রাকৃতিক গেছে বিতৰণ তথা যোগান আৰু সম্প্ৰসাৰণত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। 

আনহাতে, CNG ৰ বহুল প্ৰয়োগৰ লক্ষ্যৰে ইতিমধ্যে মহানগৰীৰ পামোহী HP পেট্রলপাম্প আৰু ISBT ত চিএনজি ষ্টেচন দুটা সংযোজন কৰা হৈছে। ইয়াৰোপৰি পৰ্যায়ক্রমে অহা তিনিমাহৰ ভিতৰত গুৱাহাটীত অন্য ৮ টাকৈ CNG ষ্টেচন শুভাৰম্ভ কৰা হ'ব । 

এই সন্দৰ্ভত পূৰ্ব ভাৰতী গেছ প্রাইভেট লিমিটেডৰ CEO মনোজ কুমাৰ বৰুৱাই কয় যে চিত্ৰনজি ব্যৱহাৰে দিল্লীৰ দৰে মেট্রপলিটান চহৰত প্ৰদূষণৰ মাত্ৰা যথেষ্ঠ হ্রাস হ'বলৈ ধৰিছে। এই উদাহৰণেৰে গুৱাহাটীতো প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ উপৰিও বায় সংকোচনেৰে চি এন জিৰ সুবিধা সমূহ ৰাইজৰ মাজলৈ আগবঢ়োৱা হৈছে। পেট্ৰ'লজাত ইন্ধনৰ পৰিবৰ্তে সেউজ ইন্ধনৰ ব্যৱহাৰৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰিছে পূৰ্ব ভাৰতীয়ে। এইক্ষেত্ৰত প্ৰদূষণ মুক্ত গুৱাহাটী গঢ়ি তোলাৰ বাবে ৰাইজ, ডিলাৰ তথা বাহনৰ গৰাকীসকলে সহাঁৰি জনাব বুলি আশাবাদী। 
 

Category